আজি ওদালগুৰি জিলাৰ মাজবাটৰ মহলীয়াপাৰা অৱস্থিত মডেল হস্পিতালৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে





আজি ওদালগুৰি জিলাৰ মাজবাটৰ মহলীয়াপাৰা অৱস্থিত মডেল হস্পিতালৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘৰ্ষত প্ৰাণ গল এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম খৰামখা গাৱঁৰ জয়া পাল (৫৩) ই-ৰিক্সাখনত জয়া পাল আৰু অঞ্জলি পাল নামৰ মহিলা দুগৰাকী যাত্ৰা কৰি থকাৰ সময়ত বাইক চলাই অহা মিথীৰাজ দৈমাৰী নামৰ যুৱক জনৰ লগত খুন্দা লাগে। গুৰুত্বৰ ভাৱে আহত অঞ্জলি পাল (৫৫) আৰু মিথীৰাজ দৈমাৰী(২২) উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। ই-ৰিক্সাৰ চালক ৰাম কুমাৰ চৌধুৰীও দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈছে আৰু তেওঁক মডেল হস্পিতালত চিকিৎসা প্ৰদান কৰা হৈছে। মাজবাট আৰক্ষীয়ে মৃত মহিলা জয়া পালক মণোৰত্তৰ পৰিক্ষাৰ বাবে ওদালগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি মাজবাট আৰক্ষীয়ে জানিবলৈ দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *