ষ্টাফৰিপোৰ্টাৰ, ২২ মে’: আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই। একেখন হেলিকপ্টাৰত উঠি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ২৪ পৰগনাৰ বছিৰহাটত নামি প্ৰশাসনীয় বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা পশ্চিমবংগত।পশ্চিমবংগত ঘূৰ্ণী বতাহ আমফানত ৮০ জনৰ মৃত্যু হয়। বহু বছৰৰ পাছত হোৱা ভয়ংকৰ ঘূৰ্ণী সমীক্ষাৰ বাবে কেন্দ্ৰৰ দল পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা খন ডিভিত মেৰিয়াই লৈ আকাশ মাৰ্গৰ পৰা এই ধ্বংসলীলা পৰ্যবেক্ষণ কৰে।