অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক

82

অলিম্পিক গেমছ ক’ভাৰ কৰা ৰাজ্যৰ চাৰিগৰাকী ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জনায় অসম অলিম্পিক সন্থাই ৷

ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰৰ সঞ্চালনাত এ অ’ এৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত আসন্ন পেৰিছ অলিম্পিকলৈ যাবলগা সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু দুই ফটো সাংবাদিক ৰিতুৰাজ কোৱৰ তথা গিতিকা তালুকদাৰৰ লগতে ২০১২ চনৰ লণ্ডন অলিম্পিক ক’ভাৰ কৰা কুল প্ৰদীপ ভাগৱতী আৰু ২০১৬ চনৰ ৰিঅ’ অলিম্পিকলৈ যোৱা পবিত্ৰ গগৈক সম্বৰ্ধনা জনায়৷ অৱশ্যে অসুস্থতাৰ বাবে গগৈ আজিৰ অনুষ্ঠানত উপস্থিত নাছিল৷

সভাত অসম অলিম্পিক সন্থাৰ অনূপ চৌধুৰী, ভৱজ্যোতি গোস্বামী, ৰাজীৱ প্ৰকাশ বৰুৱা, অলক ত্ৰিপাঠী, ৰনজিত বড়ো, মুৰুলীধৰ চৌধুৰী, অৰূপ ঠাকুৰীয়া, দেৱজিত গগৈ, ইমটিয়াজ আহমেদ, সাঁতোৰবিদ এলভিছ হাজৰিকা আদি উপস্থিত থাকে৷