অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসী ৰূপ

বিধানসভাৰ মজিয়াত ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যাক লৈ উত্তাল হৈ থকাৰ সময়তেই গোলাঘাট জিলাৰ সৰুপথাৰৰ চুঙাজানত অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসী ৰূপ । অসমৰ মাটিত সেন চকু নগাৰ । অসম নাগালেণ্ড সীমান্তত নগাৰ অতপালিত অতিষ্ঠ সীমান্তবাসী অসমীয়া ।‌ ন ন কৌশল অবলম্ব কৰি অসমৰ ভূখণ্ডত নগাৰ শিলৰ উদ্যোগ স্থাপনৰ যো-জা । চুঙাজানৰ এম ভি গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত ৫নং দ গাঁওৰ সমীপত A আৰু B চেক্টৰৰ বিবাদ মান অঞ্চলত শেষতীয়াকৈ ধনশিৰি মহকুমা প্ৰশাসনৰ চকুত ধূলি দি স্থাপন কৰিছে এটি শিলৰ উদ্যোগ । তাৰোপৰি অসমৰ ভূমিত নগালোকে গাঁও স্থাপন কৰি নিগাজিকৈ ভিন্ন নামেৰে ভিচেহি,জেছিহি আদিকে ধৰি ভিন্ন নামেৰে নামাঙ্কিত কৰি নিগাজিকৈ ফলক লগাই বসবাস কৰিছে। নগাৰ আগ্ৰাসনৰ বিৰূদ্ধে সীমান্তৰত এতিয়া সৰৱ‌ হৈছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ধনশিৰি মহকুমা সমিতি । কিন্তু ইমানৰ পাছতো ধনশিৰি মহকুমা প্ৰশাসন অথবা সীমান্ত দণ্ডাধীষ গৰাকীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। উল্লেখযোগ্য যে নগাই কিছুদিন পূৰ্বে উৰিয়ামঘাটৰ B চেক্টৰত পকী পথ নিৰ্মাণৰ ওপৰিও চুঙাজানত অসমৰ ভূমিত অসম চৰকাৰৰ অমৃত সৰোবৰ আঁচনি ৰূপায়নত বাধা দিছিল নগা লোকে । যাৰ পৰিপ্ৰেক্ষিতত চুঙাজানত আজি পৰ্যন্ত বন্ধ হৈ আছে ৰাজ্য চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ কাম ।‌ পৰৱৰ্তী মহকুমা প্ৰশাসন কিম্বা অসম চৰকাৰে কি ব্যৱস্থা লয়, নে এনেদৰেই নগাই অসমৰ ভূমি বে দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিব সেইয়াহে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *