অসমৰ ভুমি এক ইঞ্চিও অৰুনাচলীৰ হাতত এৰি দিয়া নহব!

অসমৰ ভুমি এক ইঞ্চিও অৰুনাচলীৰ হাতত এৰি দিয়া নহব ৷ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ছয় সংগঠনে ৷
অসমৰ মানচিত্ৰৰ পৰা হেৰাই যাব নেকী দিপা , শান্তিবৰগড়া , নাহৰনিবালি গাৱৰ পৰিচয় ? মাটি ,জাতি ভেটি সুৰক্ষা শ্লুগানেৰে আসনৰ বাঘজৰী দখল কৰিবলৈ সক্ষম হোৱা বি জে পি চৰকাৰখনে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাইজক প্ৰদান কৰা এই প্ৰতিশ্ৰুতিৰ অমান্য কৰিলে ইয়াৰ পৰিনাম ভয়ানক হব বুলি আজি TMPK , MMK, AASU, AKRASU, AAGSU, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপৰিও ডিমৌ , দিপা গাৱঁৰ অৰ্ধ সহস্ৰাধিক ৰাইজে একত্ৰিত হৈ দিপা ন-নাৰি ব্ৰহ্ম মন্দিৰৰ প্ৰাঙ্গণত ৰাজ্যৰ সীমা বিবাদৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্টিত হয় ৷ অৰুনাচলীয়ে এক ষড়যন্ত্ৰভাৱে পূৰ্বে ৰেলৱে লাইনক সীমাৰূপে দাবী কৰি সম্প্ৰতি ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশলৈ তিনি কিঃমিঃ লৈকে আগ্ৰাসন কৰাৰ ষড়যন্ত্ৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি চৰকাৰে অসমৰ এক ইঞ্চিও ভুমি অৰুনাচলক এৰি দিব নোৱাৰিব বুলি চৰকাৰ তথা বিভাগক সকীয়নি প্ৰদান কৰিছে সংগঠন সমুহে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *