অবশেষত খননৰ বিৰুদ্ধে বাক্সাৰ শালবাৰীত চলিল বন বিভাগ, প্ৰশাসনৰ অভিযান।
শালবাৰীৰ গোৱৰ্ধনা তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলত অভিযান ।
আজিৰ পৰা কেইবাদিন ধৰি চলিব অভিযান ।
প্ৰতিটো মহলৰ নথিপত্ৰ তন্ন তন্নকৈ চোৱাৰ পিছত বৈধ ভাৱে চলিব মহল সমূহ,
বন বিভাগ, প্ৰশাসনৰ অভিযানৰ পূৰ্বে বন্ধ কৰিলে খনন কাৰ্য ।
উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰৰ নাৰায়নগুৰী, গোৱৰ্ধনা, চুনবাৰী , কালপানী আদি অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছে খনন কাৰ্য ।
উক্ত অভিযানত উপস্থিতিত থাকে জালাহ ৰাজহ চক্ৰ বিষয়া ৰিতুত্তম বৰা, বাহাবাৰী বনাঞ্চলৰ বন বিষয়া বাবুল বৰ্ম আৰু স্হানীয় বন কৰ্মী সকল।
