ৰে’ল দুৰ্ঘটনাত নিহত পৰিয়াললৈ ১০ লাখ, আহত পৰিয়াললৈ ২.৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা ৰে’ল মন্ত্ৰীৰ

66

পুনৰ দেশত সংঘটিত হ’ল ভয়াবহ ৰে’ল দুৰ্ঘটনা। দাৰ্জিলিঙৰ নিউ জলপাইগুৰিৰ ওচৰত শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰে এখন মালবাহী ৰে’লৰ সোমবাৰে পুৱা সংঘৰ্ষ হয়। ঘটনাটো পুৱা প্ৰায় ৯ বজাত সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ৮ জন যাত্ৰীৰ মৃত্যু নিশ্চিত হৈছে আৰু কমেও ৫০ জন লোক আহত হৈছে। এই সন্দৰ্ভত ৰে’লৱে ব’ৰ্ডৰ চিআইঅ’ জয়া বাৰ্মা সিনহাই কয় যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে আৰু এতিয়ালৈকে মৃত্যুৰ সংখ্যা আঠজনলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে আগৰতলাৰ পৰা অহা ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্ৰেছখন শিয়ালদাহলৈ গৈ আছিল আৰু নিউ জলপাইগুৰি ষ্টেচনৰ ওচৰৰ ৰণগাপানীত এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হয়। দাৰ্জিলিঙৰ অতিৰিক্ত এছ পি অভিষেক ৰয়ে কয় যে কাঞ্জনজংঘা এক্সপ্ৰেছ ৰৈ থকা অৱস্থাত মালবাহী ৰেলখনে ইয়াক পিছফালৰ পৰা খুন্দা মাৰে। যাৰ ফলত তিনিটা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাটোৰ পিছত ৰে’লমন্ত্ৰী অশ্বনী বৈষ্ণৱে ঘোষণা কৰে যে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব আৰু গুৰুতৰভাৱে আহত লোকসকলক ২.৫ লাখ টকা প্ৰদান কৰা হ’ব। যিসকলে সামান্য আঘাত প্ৰাপ্ত হয় তেওঁলোকক ৫০,০০০ টকা দিয়া হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’ল দুৰ্ঘটনাত শোক প্ৰকাশ কৰি কয়, “পশ্চিম বংগত সংঘটিত ৰে’ল দুৰ্ঘটনা শোকাৱহ। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা। মই প্ৰাৰ্থনা কৰোঁ যে আঘাতপ্ৰাপ্তসকল অতি সোনকালে আৰোগ্য হওক। মই বিষয়াসকলৰ সৈতে কথা পাতিছিলো আৰু পৰিস্থিতিৰ বুজ লৈছিলো। ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ উদ্ধাৰ অভিযান চলি আছে। ৰে’লমন্ত্ৰী অশ্বনী বৈষ্ণৱও দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে।” ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে এক্সত লিখে, “ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ খবৰ অতি উদ্বেগজনক। আহতসকল যিমান সম্ভৱ সোনকালে আৰোগ্য হোৱা আৰু উদ্ধাৰ অভিযান সফল হোৱাৰ বাবে প্ৰাৰ্থনা কৰোঁ।”