ৰূপহীহাটৰ আমবাগানৰ মাজুলীত দিন দুপৰতে চাঞ্চল্যকৰ অপহৰণ কাণ্ড হোৱা দুই ভগ্নীক উদ্ধাৰ।
মাজুলী গাঁৱৰ পৰা অপহৰণ কৰি নিয়া দুই ভগ্নীক লংকাৰ পৰা উদ্ধাৰ কৰে আমবাগান আৰক্ষীয়ে।
অপহৰণ কাণ্ডৰ তিনি দিন উকলি যোৱাৰ পিছতো কৰাত্ব কৰিব পৰা নাই আমবাগান আৰক্ষীয়ে।
অপহৰণৰ অভিযুক্ত দুৰ্বৃত্তৰ দলটো আছিল উত্তৰ ফুটাকলং মাজুলীৰ গাঁৱৰ আব্দুল হান্নান, ইন্নচ আলী, জিয়াবুৰ ৰহমান আৰু ফুজাইল আহমেদ।
আমবাগান আৰক্ষীয়ে অপহৰণৰ অভিযুক্তক কৰায়ত্ব কৰাৰ বিপৰীতে এজাহাৰৰ পৰা এজনৰ নাম কাটি দিবলৈ কোৱাত শংকিত ভুক্তভোগী পৰিয়াল।
ইফালে অপহৰণৰ অভিযুক্তই ঘৰত মুকলিকৈ গুৰিফুৰি থকাৰ অভিযোগ।
কলিয়াবৰ আমছুই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আহ্বান জনায়।
আমবাগান আৰক্ষীয়ে ঘটনাটোক গুৰুত্বহীন বাবে তদন্ত কৰি থকাৰ অভিযোগ।
ঘটনাৰ ন্যায় বিচাৰি তিনিদিন আমবাগান থানাত গুৰি ফুৰি আছে আৰক্ষীয়ে ন্যায় দিবলৈ আহ্বান।
