ৰূপহীহাটৰ আমবাগানৰ মাজুলীত দিন দুপৰতে চাঞ্চল্যকৰ অপহৰণ কাণ্ড

ৰূপহীহাটৰ আমবাগানৰ মাজুলীত দিন দুপৰতে চাঞ্চল্যকৰ অপহৰণ কাণ্ড।

চাৰিজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিলে একে পৰিয়ালৰ দুই ভগ্নীক।

উত্তৰ ফুটাকলং মাজুলী গাঁৱৰ আব্দুল হান্নানৰ নেতৃত্বত চাৰি জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

প্ৰথমে অপহৃত ১৫বছৰীয়া কিশোৰীক বিয়াৰ প্ৰস্তাৱ দিয়ে বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই অপহৰণ কৰাৰ অভিযোগ।

ঘৰত চোকা অস্ত্ৰলৈ প্ৰৱেশ কৰি কিশোৰীসহ উঠাই নিয়ে বৰঘুলীত বিয়া হোৱা জ্যেষ্ঠ ভগ্নীকো।

অপহৰণৰ অভিযুক্ত দুৰ্বৃত্তৰ দলটো উত্তৰ ফুটাকলং মাজুলীৰ গাঁৱৰ আব্দুল হান্নান, ইন্নচ আলী, জিয়াবুৰ ৰহমান আৰু ফুজাইল আহমেদ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আমবাগান আৰক্ষী চকীত গোচৰ ৰুজু কৰে চাৰি অভিযুক্তৰ বিৰুদ্ধে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *