ৰূপহীহাটৰ আমবাগানত গড়ৰ চোৰাং খৰ্গৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰূপহীহাটৰ আমবাগানত গড়ৰ চোৰাং খৰ্গৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।ৰূপহীহাট, আমবাগান আৰু লাওঁখোৱা আৰক্ষীৰ যৌথ অভিযানত গড়ৰ সন্দেহযুক্ত চোৰাং খৰ্গৰ সৈতে কৰায়ত্ব তিনি সৰবৰাহকাৰী।
আটকাধীন তিনি সৰবৰাহকাৰী ক্ৰমে গৰৈমাৰীৰ খলিল উদ্দিন, ভাটিয়াকালীৰ জাকীৰ হুছেইন আৰু হাতীবন্ধাৰ আকবৰ আলী।
ধৃত সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে আমবাগানত এখন AS 12AC 0761 নম্বৰৰ মেক্সিমো বাহনৰ পৰা সন্দেহযুক্ত চোৰাং খৰ্গৰ সৈতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। লগতে মেক্সিমো বাহন জব্দ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী কেইটাক ৰূপহী হাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *