ৰাজ্যৰ চৌদিশে বলিছে নিৰ্বাচনী বতাহ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনী বতাহ । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । এই পাঁচটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্ক চলি থকাৰ মাজতে ইতিমধ্যে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ।বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবেও অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । মনকৰিবলগীয়া, দলটোৰ তৃণমূলৰ নেতা কৰ্মীৰ তীব্ৰ বিৰোধীতাৰ পাছতো সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীকে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অসম গণ পৰিষদে ।মনকৰিবলগীয়া যে, দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিষয়তে যোৱা শনিবাৰে বঙাইগাওঁ অগপৰ সভাপতি, সম্পাদককে ধৰি মুঠ ৩৪ জনে দলৰ পৰা পদত্যাগ কৰে। সূত্ৰ খবৰ অনুসৰি, পদত্যাগী অগপৰ নেতা কৰ্মীসকল দিপ্তিময়ী চৌধুৰীক প্ৰাৰ্থীত্ব দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল । যাৰ বাবে তেওঁলোকে এনে সিদ্ধান্ত গ্ৰহণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *