ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ

ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ । ৰঙিয়াৰ বঙালীকুছিত ৰাজহুৱা দৌল মহোৎসৱৰ শতবৰ্ষীয় ৰঙৰ উৎসৱ হোলী উদযাপন । দৌল উৎসৱৰ লগত সংগতি ৰাখি যুৱতী-মহিলা ভক্ত সকলে আৰিয়া প্ৰজ্বলন কৰে । মনোবাঞ্চা পূৰণাৰ্থে ভক্ত সকলে শংকু আকৃতিৰ চাকি জ্বলায় । লোকবিশ্বাস অনুসৰি এনেদৰে আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় । ১৯ ফাগুনৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে । ফাকুৱাৰ উৎসৱে সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী কৰাৰ লগতে অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰে বঙালীকুছি বাসীয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *