ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা ।যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু পিক্ আপ ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত পিক্ আপ ভানৰ চালক আৰু হেণ্ডিমেন ।বাছ খনৰ কুৰিৰো অধিক যাত্ৰী আহত ।আহত সকলক ৰংজুলি চিকিৎসালয়ত ভৰ্তি ।জানিব পৰা মতে লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-01-HC-4723 নম্বৰৰ আল্ট্ৰা বাছ এখন আৰু গোৱালপাৰা অভিমুখী AS-25-DC-3123 নম্বৰৰ নতুন বাইক কঢ়িওৱা পিক্ আপ ভানৰ মাজত ৰংজুলি- সাৰাপাৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হয় ।ফলত পিক্ আপ ভান খন সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় আৰু চালক, হেন্দিমেন দুয়োকে চেপি ধৰে আৰু চালক জন থিতাতে নিহত হয় ।হেন্দিমেন জনক উদ্ধাৰ কৰি চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসালয়ত মৃত্যু হয় হেন্দিমেন জনৰ ।দুয়োৰে পৰিচয় জানিব পৰা হোৱা নাই ।ইপিনে বাছ খনৰ কুৰিৰো অধিক যাত্ৰী আহত হয় ।ইয়াৰে কেবাজনৰো অৱস্থা সংকটজনক ।