১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বন্ধ থাকিব ওলা-উবেৰ কেব সেৱা…

গুৱাহাটীৰ ওলা-উবেৰ কেব সেৱা অহা ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বন্ধ থাকিব, সদৌ অসম কেব মাজদুৰ সংঘ আৰু সদৌ গুৱাহাটী বাইক টেক্সি অপাৰেটৰ ইউনিয়নে আজি অনুষ্ঠিত এক সংবাদমেলত এই সিদ্ধান্ত গ্ৰহণ কৰে।

দীৰ্ঘদিন ধৰি কেব চালকক কোম্পানীয়ে শোষণ কৰি অহাত সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

সংস্থাটোৱে জনোৱা মতে, ওলা-উবেৰ কেব সেৱাৰ অধীনত পথটোত ১৮ হাজাৰৰো অধিক বাহন চলি আছে।

ইফালে, মহানগৰীত ৰেপিডো বাইক সেৱাও বন্ধ থাকিব বুলি বাইক টেক্সি অপাৰেটৰ ইউনিয়নে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহত কেব চালকসকলে ঘোষণা কৰিছিল যে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে জনসাধাৰণক সেৱা প্ৰদান নকৰে।

লগতে চালকসকলে চৰকাৰক তেওঁলোকৰ সেৱাৰ বাবে নতুন এপ প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *