হোলীৰ দিন দুটাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি হ’ল। মহানগৰবাসীয়ে দুটাকৈ দিন হোলী উদযাপন কৰিলে। আবিৰৰ ৰঙেৰে একাকাৰ হ’ল সকলোৰে মন, হৃদয়।
কিন্তু এই হোলীত এক নতুন খবৰে সকলোকে আচৰিত কৰি তুলিছে। আপুনি শুনি আচৰিত হ’ব, হোলীত মহানগৰীত সুৰাৰ বিক্ৰীয়ে গঢ়িলে অভিলেখ। সুৰা বিক্ৰীত ৰাজ্যৰ ভিতৰতে শীৰ্ষত আছে গুৱাহাটী মহানগৰী।গুৱাহাটীত বিগত ৭ মাৰ্চত ৯ কোটি ৫৮ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৮ মাৰ্চত বিক্ৰী হৈছে ১ কোটিৰো অধিক টকাৰ সুৰা। প্ৰায় ১০ কোটি টকাৰ সুৰা বিক্ৰীৰে মহানগৰীত হোলীত আবকাৰী বিভাগে গঢ়িলে অভিলেখ।কিন্তু হোলীৰ আনন্দৰ মাজতে মহানগৰীত আৰক্ষী প্ৰশাসনে ভিন্ন প্ৰান্তত চলাইছিল অভিযান। সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল আৰক্ষী প্ৰশাসনে। সুৰাসক্ত চালকৰ পৰাও মোটা অংকৰ জৰিমনা লাভ কৰিছে আৰক্ষীয়ে। যিখিনি টকা গৈছে ৰাজ্যৰ ৰাজকোষলৈ।


