হোজাই জিলাত অব্যাহত আছে সাৰৰ অবৈধ ব্যৱসায়

হোজাই জিলাত অব্যাহত আছে সাৰৰ অবৈধ ব্যৱসায় ।
লংকাৰ ১নং চামবড়ীয়ত কেইবা লক্ষাধিক টকাৰ অবৈধ সাৰ আটক কৰে ভাৰতীয় জনতা পাৰ্টীৰ ঢ়লপুখুৰী মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি সৌৰভ চৌধুৰী আৰু স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে বহুদিনৰ পৰা এনেকৈ অব্যাহত সাৰৰ ব্যৱসায়িক চলি আছে লংকাত ।

আজি লংকাৰ পৰা কাৰ্বি-আংলং লৈ অবৈধ সাৰ লৈ যোৱা সময়ত AS02CC2880 নম্বৰৰ চাৰিচকীয়া বাহন সহ কেইবা লক্ষাধিক টকাৰ অবৈধ সাৰ আটক কৰি ভাৰতীয় জনতা পাৰ্টীৰ ঢ়লপুখুৰী মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি সৌৰভ চৌধুৰীয়ে আৰু ইয়াৰ পিছত লংকা আৰক্ষীক চমজাই দিয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *