হাজোৰ দামপুৰত জব্দ হৈছে হাজাৰ হাজাৰ মূল্যৰ নিষিদ্ধ কফ চিৰাপ।হাজোৰ দামপুৰত নিশা জব্দ হৈছে হাজাৰ হাজাৰ মূল্যৰ নিষিদ্ধ কফ চিৰাপ।দামপুৰৰ আমদলাপাৰ তিনিআলিত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ কফ চিৰাপখিনি।ৰাহুল আলী নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ পৰা হাজো আৰক্ষীয়ে জব্দ কৰিছে অৰ্ধলক্ষাধিক মূল্যৰ ১৩০ টাকৈ নিষিদ্ধ কফ চিৰাপ।এখন মটৰ চাইকেলেৰে কফ চিৰাপখিনি এটা বস্তাত ভৰাই বিক্ৰী কৰিবলৈ লৈ গৈ থকাৰ সময়তে হাজো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত হাতেলোতে আটক কৰিবলৈ সক্ষম হয় এইজন ৰাহুল আলীক।ইতিমধ্যে হাজো আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ ব্যৱসায়ীটোক।আৰক্ষীৰ চকুত ধুলি দি দীৰ্ধদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ ৰাহুলৰ বিৰুদ্ধে।আটকাধীন ৰাহুলৰ ঘৰ দামপুৰৰ শইকীয়াচুপাত।
হাজো আৰক্ষী থানাৰ পৰিদৰ্শক নৱজিৎ নাথৰ নেতৃত্বত চলিছিল এই অভিযান।
