সোণৰ বিটিআৰ গঢ়াৰ পৰিকল্পনা প্ৰমোদ বড়োৰ -কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম





সোণৰ বিটিআৰ গঢ়াৰ পৰিকল্পনা আছে বিবিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। এক নতুন পৰিকল্পনাৰে আগবাঢ়িছে বিটিআৰ। আজি এই মন্তব্য কৰে বিটিআৰৰ পশুপালন আৰু মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। আজি বাক্সা জিলাৰ মুছলপুৰত ইউপিপিএলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে গছপুলি ৰোপণ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে পৰিবৰ্তনৰ লক্ষ্য কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰ গঠন হৈছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰতিটো পৰিয়ালে যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে কম কৰা বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বাক্সা জিলাৰ মুছলপুৰৰ জিলা কেন্দ্ৰৰ প্ৰাংগণত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। আজিৰ এই অনুষ্ঠানত টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰী, ইউপিপিএলৰ ব্লক সমিতিৰ সভাপতি বাপন বসুমতাৰীৰ লগতে বহু দলীয় কৰ্মী উপস্থিত থাকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *