সুৰামত্ত প্ৰাক্তন প্ৰেমিকে দাৰে আক্ৰমণ কৰিলে প্ৰেমিকাৰ পিতৃ মাতৃক

সুৰামত্ত প্ৰাক্তন প্ৰেমিকে দাৰে আক্ৰমণ কৰিলে প্ৰেমিকাৰ পিতৃ মাতৃক

শণিবাৰে নিশা গোলাঘাটৰ শালমৰাৰ কুৰুকা গাঁৱত চাঞ্চল্যকৰ ঘটনা।সুৰামত্ত প্ৰাক্তন প্ৰেমিকে দাৰে ঘপিয়াই আহত কৰিলে প্ৰেমিকাসহ পিতৃ-মাতৃক।দীৰ্ঘদিন ধৰি প্ৰেমবিচ্ছেদিত প্ৰেমিকে প্ৰাক্তন প্ৰেমিকাৰ পৰিয়ালক শাৰিৰীক আৰু মানসিক হাৰাশাস্তি কৰি অহাৰ উঠিছে অভিযোগ। ঘটনা অনুসৰি শণিবাৰে নিশা সুৰামত্ত প্ৰাক্তন প্ৰেমিক ৰঙাই দাসে প্ৰথমে প্ৰাক্তন প্ৰেমিকাগৰাকীৰ পৰিয়ালৰ লোকক জাতি-বৰ্ণ-সম্প্ৰদায়ক লৈ গালি-গালাজ কৰা আৰম্ভ কৰে। বহুপৰ অশ্লীল গালি-গালাজ পৰাৰ বাবে যুৱতীগৰাকীৰ পিতৃয়ে উভটি ধৰাত লম্পটটোৱে ঘৰৰ পৰা এখন চোকা দা লৈ চোচা লয় যুৱতীগৰাকীৰ পিতৃ বলিন বৰুৱা আৰু মাতৃক। একে সময়তে ৰঙাই দাসৰ লগতে তাৰ পৰিয়ালৰ লোকেও যুৱতীগৰাকীৰ পৰিয়ালক লয় চোচা।শেষত লম্পট ৰঙাই আৰু তাৰ পৰিয়ালে যুৱতীগৰাকীৰ পিতৃ,মাতৃক দাৰে আহত কৰাৰ উপৰিও যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।দাৰ ঘাপত যুৱতীগৰাকীৰ পিতৃয়ে আঠুত আৰু মাতৃয়ে গালত আৰু মূৰত আঘাত পায়। যুৱতীগৰাকীকো ডিঙিত আক্ৰমণ কৰে যদিও কথমপি ৰক্ষা পৰে। ঘটনা সংঘটিত হোৱাৰ পাছতেই যুৱতীগৰাকীয়ে গোলাঘাট আৰক্ষীক খবৰ দিয়ে আৰু নিজ পিতৃ-মাতৃক লৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।সংকটজনক অৱস্থাত পিতৃ বলিন বৰুৱা আৰু মাতৃক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *