সুবিশাল বিহু অনুষ্ঠান উপভোগৰ প্ৰৱেশ পত্ৰৰ বাবে দিব নালাগে ধন

ৰঙালীৰ বতৰত ৰাজ্যৰ প্রান্তে প্রান্তে চলিছে বিহুৰ আখৰা কৰ্মশালা।১৪ এপ্ৰিলত অনুষ্ঠিত হব অসমীয়া হিয়াৰ আমঠু বিহু।গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্তৰ বাবে অসমীয়া বাপতি সাহোন বিহুৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে ১৪ এপ্ৰিলৰ অনুষ্ঠানৰ বাবে প্ৰৱেশ কাৰ্ড ১১ এপ্ৰিল মঙ্গলবাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত উপলব্ধ হ’ব বুলি যি প্ৰচাৰ চলিছিল বিভিন্ন সামাজিক মাধ্যমত ।সেয়া সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰিছে মন্ত্ৰী পিয়োজ হাজৰিকাই।সৰুসজাইত আয়োজিত সুবিশাল বিহু অনুষ্ঠান উপভোগৰ প্ৰৱেশ পত্ৰৰ বাবে দিব নালাগে ধন।টিকট কলাক্ষেত্ৰত বিক্ৰী হব বুলি অপপ্ৰচাৰ চলাইছে দুষ্ট চক্ৰই। প্ৰৱেশ পত্ৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত স্পষ্টীকৰণ দিলে পিয়োজ হাজৰিকাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *