সাৱধান হওক আপুনি

38

সাৱধান হওক আপুনি ! কিয়নো জীৱনদায়িনী ঔষধে বিপদ ঘটাব পাৰে আপোনাক অথবা আপোনাৰ শিশুটিক । ৰোগ নিৰাময় কৰিবলৈ জীৱনদায়িনী ঔষধ ব্যৱহাৰ কৰা হয় । কিন্তু এইবাৰ এই জীৱনদায়িনী ঔষধৰ বটলত পোৱা গ’ল গেলা পচা মাখি।এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কাছাৰ জিলাৰ লক্ষীপুৰ চহৰত। জানিব পৰা মতে এটি ১৮ মহীয়া কণমানি শিশুৰ জ্বৰত ভুগি থকাৰ বাবে ক্ৰয় কৰিছিল ঔষধৰ বটল।তাৰ পিছতেই ওলাল এই মাখিটো।