শিৱসাগৰৰ সীমান্তৱৰ্তী হালোৱাটিঙত সন্দেহ জনক ড্ৰাগছ সহ ২ জন যুৱকক আটক।
ৰাজ্য তথা কেন্দ্ৰ চৰকাৰ কঠোৰ হোৱাৰ পাছতো নিষিদ্ধ ড্ৰাগছ অথবা হেৰ’ইনৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে অসাধু চক্ৰই ।সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো অসম আৰক্ষীয়ে এই অসাধু চক্ৰ সমূহৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে | অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং কপাহতলী মিছিং গাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান | আৰক্ষীৰ এই অভিযানত সন্দেহ জনক ড্ৰাগছ, নগদ ধন আৰু দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে হালোৱাটিং আৰক্ষীয়ে |আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক দ্বয় গোৱালপাৰাৰ লাল মোহন ৰাভা আৰু নগালেণ্ড চাংটঙীয়াৰ ইম’ লাম্বা আও বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে | লগতে তেওঁ লোকৰ হাতৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলে ০.৪২ গ্ৰাম সন্দেহ জনক নিষিদ্ধ ড্ৰাগছ আৰু নগদ ৩,৮০০ টকা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে | আনহাতে এটা অসাধু চক্ৰই নাজিৰা আৰু সীমান্তৱৰ্তী গেলেকী আৰক্ষীৰ চকুত ধুলি দি নিতৌ নাজিৰাৰ মেকিপুৰ সাপ্তাহিক হাট বজাৰৰ কাষত তথা মইনাটিং অঞ্চলত বাহৰ পাতি হাতীপটি চাহ বাগিছা শনি মন্দিৰৰ আশেপাশে নিষিদ্ধ ড্ৰাগৰ মজুত আৰু সৰবৰাহ অব্যাহত ৰখাৰ অভিযোগ উঠিছে ।
