শিক্ষাৰ্থীসকলৰ মধ্যাহ্ন ভোজন ৰন্ধা ঘৰ এৰি উত্তাল ৰান্ধনী সকল

শিক্ষাৰ্থীসকলৰ মধ্যাহ্ন ভোজন ৰন্ধা ঘৰ এৰি উত্তাল প্ৰতিবাদ।
দলগাঁৱত ৰান্ধনী সকলৰ উত্তাল প্ৰতিবাদ।উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলৰ মধ্যাহ্ন ভোজন বনোৱা এৰি দলগাঁৱত ৰান্ধনী সকলৰ উত্তাল প্ৰতিবাদ। সদৌ অসম মধ্যাহ্ন ভোজন কর্মচাৰী ইউনিয়নৰ দলগাঁও প্ৰাথমিক শিক্ষা উন্নয়ন খণ্ডৰ বিদ্যালয়সমূহৰ ৰান্ধনী সকলে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। বিজেপি চৰকাৰ হাই হাই, শিক্ষামন্ত্ৰী হাই হাই ধ্বনিৰে উত্তাল কৰি তোলে দলগাঁও প্ৰাথমিক শিক্ষা উন্নয়ন খণ্ডৰ । দলগাঁও প্ৰাথমিক শিক্ষা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত ৰান্ধনী সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৮ মাহ ধৰি পোৱা নাই মাননি।
দলগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক দিলে স্মাৰক পত্ৰ। এই পত্ৰৰ জৰিয়তে উত্থাপন কৰিলে বিভিন্ন দাবী। দাবী সমূহ হ’ল । সমস্ত বকেয়া মাননি শীঘ্ৰে আদায় দিয়ক, মাননি নিয়মীয়াকৈ আদায় দিয়ক, মাহৰ প্ৰথম সপ্তাহতেই মামনি আদায় দিয়ক। কর্তৃপক্ষই মোকলাই দিয়া মাননিৰ ধন সময় মতে বিতৰণ কৰিব নোৱৰা এক্সিচ বেংকৰ ওপৰত বিহীত ব্যৱস্থা কৰক।অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰী হিচাপে নহয়, সম পৰিমাণৰ ধন মাননিৰ লগত যুক্ত কৰি ৰন্ধন কর্মীক প্ৰদান কৰক। মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰা নচলিব। অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনৰ পৰা আঁচনি ৰূপায়ণৰ দায়িত্ব চৰকাৰৰ হাতলৈ উভতাই আনক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *