লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ শ শ পক্ষীৰ কলৰৱত মুখৰিত মৰাণৰ খোৱাং সোনোৱাল বঙালী গাঁও

লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ শ শ পক্ষীৰ কলৰৱত মুখৰিত মৰাণৰ খোৱাং সোনোৱাল বঙালী গাঁও।
জাক জাক বগলী, কণামচুৰী, হাড়গিলা চৰাইৰ কলৰৱত মুখৰিত মৰাণৰ এখন গাঁও ৷ মৰাণৰ খোৱাং সোনোৱাল বঙালী গাঁওখন এতিয়া প্ৰকৃতিপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ বিশ্বৰ পৰা ক্ৰমাৎ লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ বগলী, কণামচুৰী, হাড়গিলা আদি এটা বৃহৎ জাকে গাঁওখনৰ বাঁহনিত আশ্ৰয় লৈ থকাত পুৱা-গধূলী মুখৰিত কৰিছে অঞ্চলটো ৷ বিগত প্ৰায় ৭/৮ বছৰ ধৰি প্ৰতি বছৰে ছমাহৰ বাবে এই চৰাইবোৰে আশ্ৰয় গ্ৰহন কৰি আহিছে গাঁৱখনৰ বাঁহনিখনত ৷ বাঁহ আৰু বিভিন্ন গছগছনিত আশ্ৰয় লোৱা পক্ষীসমূহৰ ভিতৰত ব’গলীৰ সংখ্যাই বেছি ৷ গাঁৱবাসীয়ে এই পক্ষীসমূহক কোনো আমণি নকৰাত নিৰাপদে আশ্ৰয় লৈ বংশবৃদ্ধি কৰি আহিছে ৷ তদুপৰি কেতিয়াবা কোনো দুস্কৃতিকাৰীয়ে চৰাইজাকৰ কিবা অপকাৰ কৰিব বিচাৰিলে স্থানীয় ৰাইজে নিৰাপত্তা প্ৰদান কৰি আহিছে ৷ ফলত পক্ষীৰ এক নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে গাঁও খন ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *