লাহোৱাল সমষ্টিৰ মদাৰখাত গাঁও পঞ্চায়তৰ এটা বিধ্বস্ত পথে জ্বলা কলা খোৱাইছে সৰ্বসাধাৰণ ৰাইজক

লাহোৱাল সমষ্টিৰ মদাৰখাত গাঁও পঞ্চায়তৰ এটা বিধ্বস্ত পথে জ্বলা কলা খোৱাইছে সৰ্বসাধাৰণ ৰাইজক।লাহোৱাল সমষ্টিৰ মদাৰখাত গাঁও পঞ্চায়তৰ হাবিচুক গাঁৱৰ এটা বিধ্বস্ত পথে জ্বলা কলা খোৱাইছে সৰ্বসাধাৰণ ৰাইজক। স্থানীয় ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ পূৰ্বে লাহোৱাল সমষ্টিৰ বিধায়ক জনে দিয়া প্ৰতিশ্ৰুতি অৱশেষত পৰিণত হ’ল ফুটোকাৰ ফেনত। প্ৰায় ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাবিচুক অঞ্চলৰ এই পথচোৱাৰে পেন্ট কোঁচাই হাতত জোতা ছেণ্ডেল লৈ বিদ‍্যালয়লৈ যাব লগীয়া হ‌য় ছাত্র ছাত্ৰী সকলে। চিকিৎসাৰ বাবে ৰূগী নিবলৈ এই পথচোৱাৰে যাব নোৱাৰে এখন এম্বোলেঞ্চ কিম্বা অন্যান্য গাড়ী। ফলত বোকোচাত তুলি নিব লগীয়া হয় ৰূগীক। এতিয়া এই পথচোৱাৰ বাবে জমৰ যাতনাত ভুগিব লগীয়া হৈছে স্থানীয় অঞ্চলৰ ৰাইজে। পথচোৱা যতায়াতৰ সুচল ব‍্যৱস্থা কৰি নিদিলে অনাগত নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে লাহোৱাল সমষ্টিৰ মদাৰখাত গাঁও পঞ্চায়তৰ হাবিচুক গাঁৱৰ এই সকল ৰাইজে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *