ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে চোৰাং গৰুৰ বেহা।
লালুক আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা।
লখিমপুৰ জিলাত এতিয়াও অবৈধ ভাৱে চলি আছে গো মাতাৰ চোৰাং বেহা।
চৰকাৰ তথা প্ৰশাসনৰ নীতি নিয়মক একাংশ দালালৰ বুঢ়া আঙুলি দেখুৱা পৰিলক্ষিত হয়।
প্ৰতি নিশাই কাৰ ছত্ৰ ছায়াত চলি আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা সেয়া এতিয়াও ৰহস্যময়।কিয়নো দেওবাৰে নিশা প্রায় ৮.৫০ বজাত লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি নাকা তালাচী চলাই কৰায়ত্ত কৰে এখন মালবাহী মেজিক গাড়ী। নাওবৈছাৰ বৰলুৱাৰ পৰা অৰুণাচল অভিমুখে গৈ থকা অৱস্থাত ২ দুস্কৃতিকাৰী সহ ৬টা গৰু আটক কৰে লালুক আৰক্ষীয়ে ।আটক কৰা ব্যক্তি দুজন হল ৰাশিদুল ইছলাম আৰু মুছফিকুৰ ৰহমান।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দুজনকৈ দুস্কৃতিকাৰীক এনকাউন্টাৰ কৰিছিল লক্ষীমপুৰৰ ধলপুৰ আৰক্ষীয়ে, কিন্তু তাৰ পিচতো শেষ হোৱা নাই অবৈধ গৰুৰ ৰমৰমীয়া বেহা।
আৰক্ষীয়ে অভিযান কালত আটক কৰা বাহন খনৰ নম্বৰ হৈছে AS 07 BC 4501.