লখিমপুৰৰ বগলীজানত দুৰ্বৃত্তৰ সন্ত্ৰাস

লখিমপুৰৰ বগলীজানত দুৰ্বৃত্তৰ সন্ত্ৰাস। দোভাগ নিশা জ্বলাই দিলে এখন কুকুৰা ফাৰ্ম। সূর্য বৰুৱা আৰু গোপাল কৃষ্ণ কাকতি নামৰ দুজন ব্যক্তিয়ে যৌথ ভাৱে চলাইছিল বহু হেজাৰ কুকুৰাৰ এই ফাৰ্ম খন। নিশা ধুমুহা বৰষুণৰ ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ থকা ৰ মাজতে জ্বলি উঠিল ফাৰ্ম খন।ফাৰ্ম খন দুৰ্বৃত্তই জ্বলাই দিয়া বুলি দাবী উত্থাপন কৰিছে ফাৰ্মৰ গৰাকীয়ে। অগ্নি নির্বাপক বাহিনীক খবৰ দিয়াৰ পাছতো অগ্নি নিৰ্বাপক বাহিনী নহাৰো অভিযোগ। কেইবালাখ টকাৰ ক্ষতি হোৱা এই ঘটনা সন্দৰ্ভত ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *