লক্ষীমপুৰৰ নাৰায়ণপুৰ ভোলাবৰিত নৃশংস হত্যাকাণ্ড

লক্ষীমপুৰৰ নাৰায়ণপুৰ ভোলাবৰিত নৃশংস হত্যাকাণ্ড।স্বামী সুশান্ত বৰাই হত্যা কৰিলে পত্নী মমি বৰাক।দৰ্জা বন্ধ কৰি শোৱনি কোঠাতে নিশা পত্নীক হত্যা কৰি খিৰিকীৰে পলাই যায় হত্যাকাৰী সুশান্ত। পুৱা ভাতৃক ফোন যোগে পত্নীক হত্যা কৰাৰ খবৰ দিয়ে হত্যাকাৰী সুশান্তই।লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।শৰীৰত আঘাতৰ চিন স্পষ্ট। বৰ্তমানেও পলাতক অৱস্থাত আছে হত্যাকাৰী সুশান্ত বৰুৱা।হত্যাকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। এগৰাকী কনমানি সন্তানৰ মাতৃ আছিল মৃত মমি বৰা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *