মৰাণৰ এখন বিশেষ গাঁৱত লক্ষ লক্ষ বিছাৰ আতংক

মৰাণৰ এখন বিশেষ গাঁৱত লক্ষ লক্ষ বিছাৰ আতংক
মৰাণৰ তিনঠেঙীয়াত এতিয়া বিছাৰ আতংক ।লক্ষ লক্ষ বিছাৰে ভৰি পৰিছে তিনঠেঙীয়া অঞ্চল ।গছ-গছনি, ঘৰ-বাৰী আৰু বিদ্যালয় সকলোতে বিছা ।মুঠৰ ওপৰত ক’লা ৰঙৰ বিছাৰ আৱৰণে ঢাকিছে মৰাণৰ তিনঠেঙীয়া এই বিশেষ গাঁৱখন ।গাঁৱবাসীয়ে জানিবলৈ দিয়া মতে জেঠ মাহত এই বিছাৰ প্ৰাৰ্দুভাৱ দেখিবলৈ পোৱা যায় গাঁৱখনত ।ইয়াৰ পিছতে বিছাবোৰ পকি পখিলা সৃষ্টি হয় | বিছা বিলাকে ৰাইজক বিশেষ অনিষ্ট কৰা নাই ।যদিও ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।তিনঠেঙীয়া বনাঞ্চলত এই বিছাৰ প্ৰাৰ্দুভাৱ অধিক ।বনাঞ্চলৰ লগতে মানুহৰ ঘৰ-বাৰী আৰু বিদ্যালয় সমূহতো বিছাৰে ভৰি পৰিছে ।অঞ্চলটোত এনে এজোপা গছ নাই, য’ত বিছা নাই | সকলোতে বিছা, গাঁ‌ওবাসীৰ বাবে বিছা সমূহ এতিয়া পৰিচিত । যদিও এদিনীয়া মানুহে এই বিছা দেখি ভয়ত কম্পমান হৈ থাকে ।প্ৰকৃতিৰ সৃষ্ট এই বিছা সমূহ কেতিয়া নোহোৱা হ’ব ।তাৰ বাবেই বাট চাইছে মৰাণৰ তিনঠেঙীয়াবাসী ৰাইজে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *