মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ বৃদ্ধ ৰহস্যজনক বাবে নিৰুদ্দেশ।

মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ বৃদ্ধ ৰহস্যজনক বাবে নিৰুদ্দেশ।

এক বছৰ পূৰ্বে কৰ্মসূত্ৰে ফজৰ আলী নামৰ ৬৫ বছৰীয়া বৃদ্দা জনে কেৰেলালৈ গৈছিল।যদিও ছয় মাহ আগতে ঘৰ উভতা সময়ত ৰহস্যজনক বাবে নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে উদ্বেগ প্ৰকাশ কৰিছে।পৰিয়ালৰ লোকে জানিব মতে-মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱৰ বাসিন্দা ফজৰ আলীৰ নিজ পৰিয়ালৰ লোকৰ সৈতে সাধাৰণ পৰিয়াল কেন্দ্ৰিক সংঘাত হোৱাত তেওঁ এক বছৰ আগতে ঘৰ এৰি কেৰেলালৈ গুচি যায়।ইমান দিনে নিজৰ সন্তান ও আত্মীয় সকলৰ লগত মাজে সময়ে যোগাযোগ ৰাখিছিল যদিও ছয় মাহ পূৰ্বে ঘৰলৈ উভতি আহি থকা বুলি আত্মীয়ক জনাইছিল।যদিও আজি ছয় মাহে ফজৰ আলিয়ে ৰহস্যজনক বাবে পৰিয়ালৰ লগত কোনো যোগাযোগ নকৰাত পৰিয়ালৰ লোকে উদ্বেগ প্ৰকাশ কৰিছে।যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ ফজৰ আলিৰ সন্ধান পায় তেন্তে ৮৬৬৭৪৯৪৬৮৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *