মৃৎ শিল্পী সকল সাজু হৈছে সমাগত সৰস্বতী পূজাৰ বাবে।
বাক্সাৰ মুছলপুৰতো নিৰ্মাণ কৰিছে সৰস্বতীৰ মৃন্ময় মূৰ্ত্তি।
সমাগত সৰস্বতী পূজা। মাজত মাথো দুটা দিন। বিদ্যাৰ অধিষ্ঠাত্রী দেৱী আই সৰস্বতীক পূজিবলৈ সাজু বিদ্যালয় মহাবিদ্যালয় কৰ্তৃপক্ষ। সমান্তৰাল ভাবে সাজু হৈ উঠিছে মৃৎ শিল্পী সকল। দুই-এদিনৰ ভিতৰতে মৃণ্ময় মূৰ্ত্তি সমূহত দিব শেষ পৰশ, পিন্ধাব কাপোৰ। বিদ্যালয়-মহাবিদ্যালয় সমূহে আদৰিব, তুলিব বেদীত। বাগদেৱী বীণাপানিক পূজিব সকলোৱে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ মুছলপুৰতো সৰস্বতী দেৱীৰ মূৰ্ত্তি নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে।
জিলা খনৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰা অৰ্ডাৰ অনুসৰি নিৰ্মাণ কৰিছে দেৱীৰ মূৰ্ত্তি সমুহ।
প্ৰতিটো মূৰ্ত্তি ১০০০ টকাৰ পৰা প্ৰায় ১২০০ টকা পৰ্যন্ত বিক্ৰী কৰি আহিছে এওঁলোকে।
বিগত ৪০ বছৰ ধৰি এই কৰ্মৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে এওঁলোকে।
উল্লেখ্য যে আজি পৰ্যন্ত চৰকাৰী আচনিৰ পৰা বঞ্চিত এওঁলোক।