আমাৰ ৰাজ্যত অত্যাৱশ্যকীয় আৰু নিত্য-ব্যৱহাৰ্য্ সামগ্ৰীৰ যি হাৰত মুল্যবৃদ্ধি হৈছে সিয়ে এই সময়ত জীৱন নিৰ্বাহ কৰাটো আৰু অধিক কঠিন কৰি তুলিছে । মিঠাতেল, ডাইল, শাক পাচলি চাউলৰ দৰে নিত্য-ব্যৱহাৰ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যই মানুহক জ্বলা-কলা খুৱাইছে । ৰন্ধন গেছৰ একোটা চিলিণ্ডাৰৰ মুল্যই হাজাৰৰ ঘৰ স্পৰ্শ কৰিছে । মুঠতে সাধাৰন মানুহৰ বাবে এই সময়ত অন্য এক অভিশাপ হৈ পৰিছে মুল্যবৃদ্ধি। যাৰ প্ৰতিবাদত আজি সমগ্ৰ দেশজুৰি যুৱ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ দেশৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছ সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে। চহৰখনৰ ৰাজীৱ ভৱনৰ পৰা থানা চাৰিআলিলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰি অসম চৰকাৰ হায় হায়, মুল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰীৰ কাম নাই আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে আকাশ বতাহ কপাই তুলে।
