মায়ঙৰ ঠেংভাঙা হাতীগঁড় অবৈধ বালি মহল সমূহ বন্ধৰ দাবী ৰাজপথলৈ শ শ পুৰুষ মহিলা।


মায়ঙৰ ঠেংভাঙা হাতীগঁড় অবৈধ বালি মহল সমূহ বন্ধৰ দাবী ৰাজপথলৈ শ শ পুৰুষ মহিলা।

মায়ঙৰ ঠেং ভঙ্গা হাতীগঁড় বালি কোৱাৰিত ৰাইজৰ হাথোৰা।বন বিভাগে কৰিব নোৱাৰা কাম কৰি দেখালে স্হানীয় গঞা ৰাইজে। এফালৰ পৰা ভাঙি তচনচ কৰি গৈছে অবৈধ ভাবে তৈয়াৰ কৰা বালি কোৱাৰিৰ সমুহ।

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মায়ঙৰ ঠেং ভঙ্গা হাতীগঁড় আদি অঞ্চলত চৰকাৰী তথ্য মতে কোনো বালি মহল নাই কিন্তু বন বিভাগক মেনেজ কৰি অফেঞ্চ ৰয়েল্টিৰ মাধ্যম হিচাপে লৈ বন বিভাগৰ ছত্ৰছায়াত অবৈধ ভাবে গঢ় লৈ উঠা একাংশ বালি মহলৰ বাবে এক আতংকময় বিপদ সংকুল পৰিবেশ সৃষ্টি হোৱাত গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। মৰিগাঁও জিলা বন বিভাগ কৰ্তিপক্ষক বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ তুলি ৰাইজে বিভিন্ন শ্লোগান দিয়ে আৰু বালি মহল সমূহ এফালৰ পৰা ভাঙি তচনচ কৰা যায়।নৈ পৰিয়া ৰাইজে নিজৰ ঘৰৰ ভেঁটি লৈ ভাবুকি অহাত অবৈধ বালি মেচিনৰ শব্দত শিশুসকলৰ ভৱিষ্যতৰ অন্ধকাৰ হোৱা বুলি অভিযোগ তুলি মূখ্যমন্ত্ৰী ও বিভাগীয় কৰ্তৃপক্ষক অবৈধ বালি কোৱাৰি সমূহ বন্ধ কৰিবলৈ অনুৰোধ জনাইছে।

এতিয়া প্ৰশ্ন হয় এনে অবৈধ বালি কোৱাৰি বন্ধ কৰিব নে চৰকাৰ তথা বিভাগীয় কতৃপক্ষই। সেয়া সময়ত হে লক্ষ্যনীয় হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *