মাজদিয়া আৰক্ষীৰ জালত পুনৰ এটা গভাইত চোৰ

মাজদিয়া আৰক্ষীৰ জালত পুনৰ এটা গভাইত চোৰ ।
বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে পুনৰ এটা গভাইত চোৰ। গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মাজদিয়াৰ পৰা আটক কৰে চোৰটোক । ধৃত চোৰটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াৰ পশ্চিম পাৰাৰ আৰফান খানৰ ২০ বছৰীয়া পুত্ৰ ফাইজুল খান বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি ফাইজুল খান চুৰি কাৰ্যৰ লগত জৰিত থাকি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে। সৰ্থেবাৰী আৰক্ষী থানাত ৰুজু হোৱা ৯৭/২০২৩ নম্বৰ গোচৰৰ ভিত্তিত শনিবাৰে ফাইজুল খানক মাজদিয়া আৰক্ষীয়ে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে বৈদ্যুতিক সামগ্ৰী চুৰিৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল- হাজোতলৈ প্ৰেৰণ কৰা ৰাইজুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত মাজদিয়া আৰক্ষীয়ে ফাইজুল খানক আটক কৰি শনিবাৰে মহামান্য বৰপেটা আদালতলৈ প্ৰেৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *