মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।উল্লেখযোগ্য যে মাৰ্ঘেৰিটাত মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ মহিলাই। মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তৰ দুৰ্নীতি আৰু স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে আজি মাকুম পথাৰ পঞ্চায়তৰ অধিনিস্থ আগবন্ধা বেঙ্গলী গাওঁৰ শতাধিক বিভিন্ন চৰকাৰী আঁ‌চনীৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে পঞ্চায় সভানেত্ৰী মাম্পী সিং দত্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। ১০নং ৱাৰ্ডৰ মেম্বাৰ তথা পঞ্চায়ত সভানেত্ৰী মাম্পীয়ে বিভিন্ন সময়ত পঞ্চায়ত কাৰ্য্যালয় উপস্থিত হোৱা মহিলা সকলক অভদ্ৰ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে। অৰুণোদয় আঁ‌চনী, PMYA গৃহ, ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত হ’ব লগা হৈছে গাওঁ খনৰ শতাধিক পৰিয়াল। বিশেষভাৱে সক্ষম যুৱকেও কোনো ধৰণৰ চৰকাৰী আঁ‌চনী লাভ নকৰাত আজি মাম্পী সিং দত্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠে প্ৰতিবাদী মহিলা সকল। সভানেত্ৰী গৰাকী পদৰ পৰা অব্যাহত দিয়ক অন্যথা অঞ্চলটোৰ বিজেপি দলৰ কৰ্মী সকলে দল ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত পুনৰ মাম্পী সিং দত্তক বিজেপি দলে টিকট প্ৰদান কৰিলে অন্য দলক ভোট দিয়াৰো সিদ্ধান্ত গ্ৰহণ স্থানীয় শতাধিক মহিলাৰ। এইক্ষেত্ৰত মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষ্যনীয় হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *