মহিলা মল্লযোদ্ধাৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ন্যায় বিচাৰি বিজনীত প্ৰতিবাদ

মহিলা মল্লযোদ্ধাৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ন্যায় বিচাৰি বিজনীত প্ৰতিবাদ। দেশৰ স্বনামধন্য আন্তৰ্জাতিক পদক বিজয়ী কেইগৰাকীমান মল্লযুঁজাৰু মহিলা খেলুৱৈয়েৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ ন্যায় বিচাৰি দিল্লীৰ যন্তৰ-মন্তৰত বহুদিন ধৰি আন্দোলন চলাই গৈছে। কিন্তু আজি পৰ্যন্ত অভিযুক্ত বি জে পি সাংসদ ব্ৰিজভূষণ চৰন সিঙক গ্ৰেপ্তাৰ কৰা হোৱা নাই সাংসদ গৰাকীক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । অভিযুক্ত বি জে পি সাংসদ গৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত CITU, AIKS ,AKSU, DYFI, SFI, AIDWAৰ দেশৰ লগতে বিজনীত আজি দিনৰ ১১ বজাত বিজনী স্থিত চিপিআই(এম) কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *