মদৰ ৰাগীত ৰঙীন হৈ ৰাজপথত বাহন চলোৱা দিন ইতিমধ্যে পাৰ হৈ গৈছে যোৰহাটত

সাৱধান!এতিয়া আৰু মদৰ ৰাগীত ৰঙীন হৈ ৰাজপথত বাহন চলোৱা দিন ইতিমধ্যে পাৰ হৈ গৈছে যোৰহাটত।

কাৰণ দিনে‌‌ নিশাই সষ্টম হৈ পৰিছে যোৰহাটৰ পৰিবহন বিভাগ‌ তথা পৰিবহন বিষয়া মনিৰুদ্দিন আহমেদ।


নিজৰ এ চি কোঠাত বহি নাথাকি দিনে নিশাই ৰাজ পথত কৰসংগ্ৰহত উঠি পৰি লাগিছে এই জন‌ বিষয়াই।


সংবাদ মাধ্যমৰ আগত তেখেতে জনাই যে যি সকল গাড়ীৰ গৰাকী সেই সকলক অনুৰোধ জনাই যে তেখেতৰ সকলৰ গাড়ীৰ নবীকৰণ কৰা বা গাড়ীৰ কৰ পৰিশোধ নকৰাৰ যাতে ৰাজপথ গাড়ী নচলাই অন্যথা ভৰিবলগীয়া হ’ব পাৰে এক বৃহৎ অংকৰ জৰিমনাৰ।

সুৰাপায়ী চালক সন্ত্ৰাসৰ অন্য এক নাম হৈ পৰিছে যোৰহাট পৰিবহণ বিভাগৰ মনিৰুদ্দিন আহমেদ।

নিতৌ নতুন নতুন ৰূপত ওলোৱা সুৰাপায়ী চালকক জৰিমনা বিহাৰ উপৰিও 4 মাহৰ কাৰণে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে যোৰহাট পৰিবহণ বিষয়াই।

কিছু দিনৰ আগতে জৰিমনাৰ চালন অথাৎ পুৰনি চালান লৈ যি সকল চালক ৰাষ্টাত গাড়ী চলাই ফুৰিছে সেইসকল ছালকৰ গাড়ী জব্দ কৰিব পৰিবহণ বিভাগে।কঠোৰৰ পৰা কঠোৰত্ব প্ৰদক্ষপ গ্ৰহণ কৰিছে যোৰহাট পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *