মদন চন্দ্ৰ দাসৰ দেহাৱসানত শোক

82

কামৰূপ(ম)জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মদন চন্দ্ৰ দাসে ১৯৮৬ চনত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত ডাফটৰী পদত যোগদান কৰি পৰবৰ্তী সময়ত বিভিন্ন জিলাত কাৰ্যনিৰ্বাহ কৰিছিল । একেদৰে ২০১৫ চনত কামৰূপ মহানগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত যোগদান কৰি ২০২২ চনত অৱসৰ গ্ৰহণ কৰে ।

মৃত্যুৰ সময়ত তেওঁ পত্নী সহিতে দুজনী কন্যা আৰু এজন পুত্ৰ সন্তানসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

কামৰূপ মহানগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত অনুস্থিত এক শোকসভাত মদন চন্দ্ৰ দাসৰ বিদেহ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনোৱা হয়।