মণিপুৰত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

38

অশান্ত জৰ্জৰ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। ইম্ফল পশ্চিম, ইম্ফল পূৱ, কাকচিং আৰু কাংপোকপি জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

বিগত ৪৮ ঘন্টাত চলোৱা অভিযান কালত ইম্ফল পশ্চিম জিলাৰ কদংবন্দৰৰ পৰা এটা হেকলাৰ এণ্ড কোচ এছাল্ট ৰাইফল,এটা এছ এল আৰ, এটা কাৰবাইন, পইন্ট থ্ৰি টু পিষ্টল তিনিটা, এটা নাইন এম এম পিষ্টল আৰু তিনিটা চিংগল বেৰেল গান জব্দ কৰা হয়।