ভূপেন হাজৰিকা’বিহীন ১৩ টা বছৰ

‘ভূপেন হাজৰিকা’বিহীন ১৩ টা বছৰ। ২০১১ চনৰ আজিৰ দিনটোতেই শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিছিল। হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুণমুগ্ধই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰি শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।এই দিনটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিভিন্নজে চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, গানৰ অনুষ্ঠান আদিৰ আয়োজন কৰি শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ স্মৃতি সোঁৱৰণ কৰিছে। ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’ব বহু অনুষ্ঠান।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *