ভূত বাংলা লৈ পৰ্যবসিত হৈছে অসম চৰকাৰৰ হস্থতাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিলাসীপাৰাৰ বৰকান্দা প্ৰশিক্ষণ কেন্দ্ৰ

অতি সম্প্ৰতি ভূত বাংলা লৈ পৰ্যবসিত হৈছে অসম চৰকাৰৰ হস্থতাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিলাসীপাৰাৰ বৰকান্দা প্ৰশিক্ষণ কেন্দ্ৰ |
বৰকান্দাস্থিত হস্ততাঁত আৰু বস্ত্ৰ শিল্প কেন্দ্ৰটোৰ প্ৰশিক্ষকৰ কৰ্ম কাণ্ডই মৃত্যুৰ মুখলৈ ঠেলি দিছে প্ৰশিক্ষণ কেন্দ্ৰটো । স্থানীয় ৰাইজৰ অভিযোগ মতে চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰটোত আছে তিনিগৰাকী কৈ চৰকাৰী কৰ্মচাৰী ।
প্ৰশিক্ষাৰ্থীও আছে ২০ গৰাকী ।
পিছে নাই প্ৰশিক্ষণৰ ব্যৱস্থা | কিয়নো কেন্দ্ৰটোত সদ্য নিয়োজিত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী জনৰ বাহিৰে মাহৰ সৰহ সংখ্যক দিনত উপস্থিত নাথাকে প্ৰশিক্ষক আবুল হুছেইন আৰু ছাহজাহান আলী খানে ।
পৰিণতিত প্ৰশিক্ষণ কেন্দ্ৰটো ভূত বাংলালৈ পৰ্যবসিত হৈছে । জহি খহি যাবলৈ লৈছে তাঁতশাল সমূহ ।ভাঙি যাবলৈ লৈছে প্ৰশিক্ষাৰ্থীৰ বহাৰ আসন, উঁই হাফলুৱে ধৰিছে দুৱাৰ খিৰিকীত ।
সপ্তাহত মাত্ৰ দুই এদিন কেন্দ্ৰটোত উপস্থিত হৈ বাকী সময় ঘৰতে বহি থাকি চৰকাৰী দৰমহা উদৰস্থ কৰি অহাৰ অভিযোগ প্ৰশিক্ষক দ্বয়ৰ বিৰুদ্ধে ।
এই সম্পৰ্কে স্থানীয় ৰাইজে বিভিন্ন সময়ত উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ দি আহিছে যদিও কোনো সুফল পোৱা নাই ।
যি সময়ত চৰকাৰে নিবনুৱা যুৱক যুৱতীক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি কোটি কোটি টকা খৰচ কৰি আঁচনি গ্ৰহণ কৰি আহিছে । তেনে সময়তে কেন্দ্ৰটোৰ প্ৰশিক্ষক দ্বয়ৰ ক্ৰুটিপূৰ্ণ প্ৰশিক্ষনৰ ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজক চিন্তিত কৰি তুলিছে।
সেয়েহ এই সন্দৰ্ভত ৰাইজে কেন্দ্ৰটোত নিয়োজিত প্ৰশিক্ষক দ্বয়ৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *