ভয়ংকৰ গুলিচালনাৰ ঘটনাত নিহত চামগুৰি বৰদলৰ নিবাসী আৰক্ষী জোৱান গকুল বসুমতাৰীৰ

চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাত সংঘটিত ভয়ংকৰ গুলিচালনাৰ ঘটনাত নিহত চামগুৰি বৰদলৰ নিবাসী আৰক্ষী জোৱান গকুল বসুমতাৰীৰ বাসগৃহত পুঁৱতিনিশা জোৱান গৰাকীৰ মৃতদেহ আহি পোৱাৰ পাছতে শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। সতীৰ্থ দীপক কাকতিৰ তিনিটাকৈ গুলিত থকাসৰকাহৈ মৃত্যুক আঁকোৱালি লোৱা গকুল বসুমতাৰীক সন্মান জনাই নৱম অসম আৰক্ষী বাহিনীৰ একাংশ জোৱান আহি নীতি-নিয়ম অনুসৰি চালামী প্ৰদান কৰে জোৱান গৰাকীৰ বাসগৃহত৷ জোৱান গকুলৰ বৰ্বৰ হত্যাত আশ্বৰ্য প্ৰকাশ কৰিছে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে। কাৰণ দুয়ো জোৱানৰ মাজত থকা পূৰ্বৰ সংঘাতৰ পৰিণতিতেই গকুলে মৃত্যুক সাবতিব লগীয়া হোৱা বুলি মন্তব্য পৰিয়ালৰ লোকৰ৷ ইফালে নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীত কৰ্মৰত দুয়ো জোৱানৰ মাজত থকা পূৰ্বৰ সংঘাতৰ বিষয়ে জানিও কিয় দুয়োকে একেলগে মোতায়ন কৰা হৈছিল বুলিও প্ৰশ্ন প্ৰয়াত গকুলৰ পৰিয়ালৰ লোকৰ। দোষীৰ উচিত শাস্তি কামনা কৰাৰ লগতে পৰিয়ালটোক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে অঞ্চলবাসীয়ে। অৱশ্যে গাঁওবাসীয়ে মৃত জোৱান জনৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা তথা শেষশ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সমাপন কৰে অন্ত্যেষ্টিক্ৰিয়া।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *