বৰ্তমান সময়ত ৰাজনীতিত উত্তপ্ত পৰিস্থিতি চলি আছে। ২০১৯ চনৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পাছতেই সাংসদ পদ কৰ্তন হৈছিল নেতা গৰাকীৰ। ইয়াৰ পাছতেই বিভিন্ন মহলত সৃষ্টি হৈছিল চৰ্চাৰ।এইলৈ সৃষ্টি হৈছে দেশজুৰি বিতৰ্ক। কংগ্ৰেছ আৰু বিৰোধীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক সমালোচনা কৰিছে। তাৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে এক জনসভাত ক্ষোভ প্ৰকাশ কৰে।প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে যে মোৰ শ্বহীদ পিতাক অপমান সাংসদত কৰে।সেই শ্বহীদৰ পুত্ৰক আপোনালোকে দেশ দ্ৰোহী বুলি কয়।তেওঁৰ মাকক অপমান কৰে ।আপোনালোকৰ মন্ত্ৰীয়ে মোৰ মাক অপমান কৰে সংসদত।আপোনালোকৰ এজন মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাহুল গান্ধীৰ দেউতাক কোন ৰাহুলে নাজানে।আপোনালোকৰ প্ৰধান মন্ত্ৰীয়ে সংসদত থিয় হয় কয় যে এইটো পৰিয়ালে নেহৰুৰ নাম ব্যৱহাৰ কিয় নকৰে।সমগ্র পৰিয়ালক অপমান কৰে।প্ৰিয়ংকা গান্ধীয়ে লগতে উল্লেখ কৰে যে এজন দেউতাক ঢুকুৱাৰ পিছত দেউতাকৰ মূৰৰ পাগুৰি পুতেকে পিন্ধি পৰিয়ালৰ সমগ্ৰ দায়িত্ব পুতেকে কান্ধ পাতি লয়।কিন্তু তেতিয়াটো আপোনালোকৰ লগত কোনো ধৰণৰ প্ৰতিযোগিতা নহয়।কোনো ধৰণৰ কাৰাগাৰৰ শাস্তি নহয়।আপোনালোকক সংসদৰ পৰা বাহিৰ কৰি দিয়া নহয়।আপোনালোকক টু মানা নকৰে যে ৮ বছৰলৈ কোনো ধৰণৰ নিৰ্বাচন খেলিব নোৱাৰিব।এনেদৰে ক্ষোভ উজাৰি প্ৰিয়ংকা গান্ধীয়ে মন্তব্য কৰা পৰিলক্ষিত হয়।
