বৰডুমচাৰ নয়াকুজুপথাৰত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়

বৰডুমচাৰ নয়াকুজুপথাৰত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় ।মাৰ্ঘেৰিটা সমষ্টিৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ১নং নয়াকুজুৰ গাঁৱত পুৱা নীলকান্ত শইকীয়াৰ নামৰ ব্যক্তি জনৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
কথমপি ৰক্ষা পৰে তিনি গৰাকীৰকৈ ব্যক্তি।
জানিবলৈ পৰা মতে আজি পুৱা চাৰিমান বজাত পাক ঘৰত ভাত ৰান্ধি থকা অৱস্থাত ৰন্ধন গেছ নিৰ্গতহৈ আকস্মিক ভাৱে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।

অগ্নিকান্ধত ঘৰৰ সকলো বয়-বস্তু,নথি-পত্ৰ, টকা-পইচা,পোহনীয়া হাঁহ-কুকুৰা, ভঁৰালৰ ধানৰ লগতে লক্ষাধিক টকাৰ এখন গেলা-মালৰ দোকান ভস্মীভূত হয়। ঘৰৰ চৌপাশে থকা তামোল-পান,ফল-মূল গছৰ লগতে শাক-পাচলিৰ খেতি অনিষ্ট হয়। প্ৰায় ৪৫পৰা ৫০ লাখ টকাৰ অগ্নিকাণ্ডত জ্বাহ যোৱাৰ কথা গৃহস্তই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।গুৰুত্বপূৰ্ণ বিষয় যে অনিষ্ট হোৱা ধন-সম্পত্তি ক্ষতি পুৰণৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে চৰকাৰক আহ্বান জনাইছে। বৰডুমচাৰ দৰে এটা বৃহত্তৰ অঞ্চলত এখন চৰকাৰী জুই নিৰ্বাপন বাহন ব্যৱস্থা নাই। বৃহত্তৰ বৰডুমচা অঞ্চলৰ বাবে অগ্নি নিবাপন বাহনৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক স্থানীয় ৰাইজে আহ্বান জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *