বৃহস্পতিবাৰে দিল্লীত উপস্থিত হ’ব ইণ্ডিয়া টীম

75

বৃহস্পতিবাৰৰ পুৱাৰ ভাগত দিল্লীত উপস্থিত হ’ব বিশ্বকাপৰ খিতাপ দখল কৰা টীম ইণ্ডিয়াৰ খেলুৱৈসকল৷ কালঘূৰ্ণী ধুমুহাৰ হাইএলাৰ্ট জাৰি কৰাৰ পাছতেই বাৰ্বাডোজৰ হোটেলত আৱদ্ধ হৈ আছিল খেলুৱৈ তথা পৰিয়াল৷ বিশ্বকাপৰ ট্ৰফী লৈ কাইলৈ পুৱা প্ৰায় ৬ বজাত দিল্লীত উপস্থিত দলটো৷ ইয়াৰ পাছতেই মুম্বাইত ট্ৰফীৰ সৈতে এক যাত্ৰাত অংশগ্ৰহণ কৰিব খেলুৱৈসকলে৷