বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

37

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ ডিমাকুছিত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ । বানপানীৰ বাবে বন্যপ্ৰাণী সমূহ এতিয়া আশ্ৰয় বিচাৰি বনাঞ্চলৰ পৰা ওলাই আহিছে । ডিমাকুছি নিবাসী ক্ষুদ্ৰ চাহ খেতিয়ক জয়ন্ত ঠাকুৰীয়া নামৰ ব্যক্তিজনে কালিখোলাত অৱস্থিত নিজৰ চাহ বাগিচাত এটা বিৰল প্ৰজাতিৰ কাছ প্ৰত্যক্ষ কৰে । লগে- লগে তেখেতে বৰ্তমান সময়ত দুষ্প্ৰাপ্য প্ৰজাতিৰ বিৰল কাছতো ধৰি তেখেতৰ গৃহলৈ আনি ডিমাকুছি আৰক্ষীক অৱগত কৰায় । ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞা আৰু জয়ন্ত ঠাকুৰীয়াই সন্ধিয়া স্থানীয় বৰনদী অভয়াৰণ্যৰ বন বিষয়াক জনায় কাছতো বৰনদী অভয়াৰণ্যৰ বনকৰ্মীক চমজাই দিয়ে । যিটো সময়ত বিভিন্ন প্ৰান্তত দুষ্কৃতিকাৰীয়ে বন্য জীৱ-জন্তু চিকাৰ কৰি মাৰি ভক্ষণ কৰি আহিছে তেনে সময়তে জয়ন্ত ঠাকুৰীয়াৰ বন্যপ্ৰাণীৰ প্ৰতি সহানুভূতিশীল কাৰ্যক সকলোৱে শলাগ লয় ।