বিহালীত ৬০০০জনক অৰুনোদয় আৰু ৪০০০জনক ৰেচন কাৰ্ড দিয়া হ’ব-মুখ্য মন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা।

বিহালীত ৬০০০জনক অৰুনোদয় আৰু ৪০০০জনক ৰেচন কাৰ্ড দিয়া হ’ব-মুখ্য মন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা।
আজি অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ জনতা বাকৰীত উপস্থিত হৈ বিহালীৰ কেইবাটাও অভিলাষী আঁচনিৰ ডিজিটেল উদ্ধোধন কৰে। তেওঁ জনতাত উপস্থিত হৈ ১২ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষে জনতা বাকৰি খেল পথাৰৰ ষ্টেডিয়ামৰ আধাৰশিলা, বিহালী বাসী ৰাইজৰ এটি যুগমীয়া সমস্যা বতীয়ামাৰী গৰাখহনীয়াৰ বাবে ১৪ কোটি টকাৰ ব্যয় সাপেক্ষে জীওবেগৰ কাম , আৰু ১০ কোটি টকা ব্যয় সাপেক্ষে বিহালী ৰাংছালী দলনিৰ পৰা বুটিয়ামাৰি নাচবৰ উলোৱা পথকে ধৰি কেইবাটাও আঁচনি উদ্ধোধনৰ লগতে বিহালী দিনদয়াল মহাবিদ্যালয়ত কলা শাখা,বিহালীত ৰাজহ চক্ৰৰ কাৰ্যালয় স্থাপন,বূৰৈ বৰগাং নদীত দুটা দলঙৰ লগতে মোনাবাৰী বৰঙাবাৰী পথৰ নিৰ্মাণ আদিৰ ঘোষণা কৰাৰ লগতে বিহালীত নতুনকৈ ৬০০০হাজাৰ অৰুনোদয় আৰু ৪০০০নতুন ৰেচন কাৰ্ড দিয়া হ’ব বুলিও ৰাজহুৱা সভাত উল্লেখ কৰে।বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই আদৰনি ভাষণত বিহালীৰ বেদেতীত স্নাতক মহাবিদ্যালয়ৰ স্থাপন, হাতীৰ সমস্যা,গঢ়াখহনীয়া,খেতিয়কৰ বাবে সাৰৰ ব্যৱস্হা আৰু জিনজিয়াত আলুখেতিয়কৰ বাবে ইত্যাদিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে।সভাত অভিভাৱক মন্ত্ৰী পিযুছ হাজৰিকা,সাৎসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিনায়ক আৰু গহপুৰৰ বিধায়ক উপস্হিত থাকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *