বিহালীত বনৰীয়া হাতীৰ সন্ত্রাস। ভাঙি তহিলং কৰিছে ইটোৰ পিছত সিটোকৈ বাসগৃহ।
নিশা বিহালীৰ ৰাংছালী দলনী গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ
এটা ঘৰ লণ্ডভণ্ড;কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ।
বিহালীত হাতী আৰু মানুহৰ সংঘাত নতুন নহয়।বিগত বহু বছৰ ধৰি বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ কৰি আহিছে। আজি ৰাতি প্ৰায় ২:৩০ পৰা ৩ মান বজাত বিহালী সমষ্টিৰ নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংছালী দলনী গাঁৱৰ নিবাসী পূৰ্ণ প্ৰধানৰ ঘৰ বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে প্ৰায় ১০০ কে:জি:ৰো অধিক ধান ভড়ালৰ পৰা খায় অনিষ্ট কৰে । ৰাতি সকলো টোপনিত থকাত হঠাতে অহা বনৰীয়া হাতী জাকৰ পৰা এটা হাতী ফালৰি কাটি আহি পূৰ্ণ প্ৰধানৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । কথমপি পলাই প্ৰাণ ৰক্ষা পৰে পূৰ্ণ প্ৰধানৰ পত্নী আৰু পৰিয়ালটো । অৱশেষত বিহালী বনবিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত হৈ যথেষ্ট কষ্ট কৰি হাতী জাকটো শেদি পঠাবলৈ সক্ষম হয়। এতিয়া কথা হ’ল এই সমস্যা কিমান দিন বাবে। এই সমস্যাৰ পৰা বিহালীবাসী ৰাইজে কেতিয়া পৰিত্ৰাণ লাভ কৰিব সময়তহে হ’ব লক্ষ্যনীয়।
