বিলাসীপাৰা আৰক্ষীৰ এক বিশেষ সফলতা

বিলাসী পাৰা আৰক্ষীৰ এক বিশেষ সফলতা।বিলাসীপাৰাৰ লক্ষীগঞ্জত বূহৎ পৰিমাণৰন গাঞ্জাসহ এগৰাকী ব্যক্তিক আটক। বিলাসীপাৰা থানাৰ আৰক্ষীয়ে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটক কৰা ব্যক্তি গৰাকিৰ নাম হৈছে বিনয় মণ্ডল । ধৃত বিনয় মণ্ডলৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত লক্ষীগঞ্জ বজাৰত বুলি জানিৱ পৰা গৈছে।বিনয় মণ্ডলৰ নিজা ঘৰতে ৰাতিপূৱাই বিলাসীপাৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিময় গায়নৰ নেতৃত্বত আৰক্ষীৰ এটা সজাতি দলে লক্ষীগঞ্জ উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰান কৃষ্ণ ৰাভাৰ সহযোগত ৰাইডাৰ পাৰ্টিয়ে অভিযান চলাই বৃহত পৰিমাণৰ গাঞ্জাসহ আটক কৰে বিনয় মণ্ডলক।ধৃত বিনয় মণ্ডলে দীৰ্ঘদিনৰ পৰা অবৈধ গাঞ্জাৰ ব্যৱসায় কৰি আহিছে বুলি জানিব পৰা গৈছে ৷

বিলাসীপাৰা আৰক্ষীয়ে ধৃত বিনয় মণ্ডলৰ জেৰা অব্যহত ৰাখিছে । বিলাসীপাৰা আৰক্ষীৰ লগতে লক্ষীগঞ্জ আৰক্ষীৰ এই অভিযানক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজৰ লগতে সচেতন মহলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *