বিলাসীপাৰাৰ ছুৱাপাতা প্ৰথম খণ্ড গাঁৱত বিধ্বংসী অগ্নিকাণ্ড

বিলাসীপাৰাৰ ছুৱাপাতা প্ৰথম খণ্ড গাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । অগ্নিকাণ্ডৰ ফলত পুৰি ছাৰখাৰ হ’ল তিনিটা পৰিয়ালৰ বাসগৃহ। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্নি কাণ্ডৰ ফলত জুইত জাহ যায় গাঁৱ খনৰ ৰহিম বাদশা, মহিৰুদ্দিন সেখ আৰু বাবৰ আলীৰ বাসগৃহ । লগতে ভস্মিভূত হয় পৰিয়াল তিনিটাৰ যাবতীয় প্ৰয়োজনী নথিপত্ৰ, আ-আলংকাৰ, ধান, চাউল সহ বহুতো সা- সামগ্ৰী ।
ৰহিম বাদশ্বাহৰ ঘৰৰ পৰা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ জুইৰ সূত্ৰপাত হয় |
অগ্নিকাণ্ডত আনুমানিক ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত হোৱা বুলি জানিব পৰা গৈছে। পিছত স্হানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *